কামতাপুৰ আন্দোলন ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰ

  • উত্তম কুমাৰ ৰয়

কামতাপুৰ ৰাজ্য পুণৰগঠণ আন্দোলনক ধ্বংস কৰাৰ বাবে বিভিন্ন পক্ষ নানান ধৰণৰ কুটিল কৌশল সময়ে সময়ে অবলম্বন কৰি আহিছে। এয়া এক সুপৰিকল্পিত ষড়যন্ত্ৰ। ইতিমধ্যেই ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত কামতাপুৰ ৰাজ্য পুণৰগঠণৰ আন্দোলনে মান্যতা লাভ কৰিছে।আমি সকলোৱে কম-বেছি পৰিমাণে হ’লেও জানো যে ১৯৪৯ চনৰ ২৮আগষ্টত কোচবিহাৰৰ মহাৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ আৰু ভাৰত চৰকাৰৰ মাজত এক দ্বিপাক্ষীক চুক্তি স্বাক্ষৰিত হয়। সেই চুক্তি অনুসৰি কোচবিহাৰক ভাৰতীয় সংবিধানৰ আওতাত গ-শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ কথা আছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ১৯৫৬চনত ভাৰতীয় সংবিধানৰ পৰা গ-শ্ৰেণীৰ ৰাজ্যৰ অৰ্হতা উঠাই দিয়া হয়। ঠিক সেই সময়তে সৰ্ব্বভাৰতীয় পৰ্যায়ত ৰাজ্য পুণৰগঠণ আয়োগ গঠন কৰা হয়। ঠিক সময়ত আমাৰ সমাজৰ কেইবা গৰাকী বৰেণ্য ব্যক্তি কামতাপুৰ ৰাজ্য পুণৰগঠণৰ দাবী উত্থাপন কৰিছিল যদিও ভাৰত চৰকাৰে এই যুক্তিপূৰ্ণ দাবীক কোনো মান্যতা নিদিলে। আৰু চিৰদিনৰ এটা ঐতিহ্যপূৰ্ণ জাতিক ভাৰতীয় শাসন ব্যৱস্থাৰ মেৰপাকত তিল তিল কৈ ধ্বংসৰ মুখলৈ ঠেলি পঠিয়ালে।আমাৰ মাজৰ বহুতেই আৱেগিকভাৱে আন্দোলনৰ লগত জড়িত যদিও মূল বিষয় বস্তু নজনাকৈ কেৱল নিজৰ মতত অটল হৈ থাকে তথা কোচবিহাৰৰ মহাৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণৰ লগত ভাৰত চৰকাৰ হোৱা চুক্তিখনকে পৃথক ৰাজ্য গঠনৰ একমাত্ৰ হাঠিয়াৰ বুলি ভাবে। কিন্তু তেওলোকে ভালকৈ নাজানে যে যি সময়ত ভাৰত চৰকাৰৰ লগত চুক্তি হৈছিল সেই সময়ত কোচবিহাৰৰ মাটি কালি কিমান আছিল? আৰু বৰ্তমান সময়ত গ্ৰেটাৰ কোচবিহাৰ পিপুলচ এচচিয়েছনে অন্তভূৰ্ক্ত কৰা জিলা সমূহ কোচবিহাৰৰ লগত আছিল নে নাই?? এই বিষয়সমূহ তেওঁলোকে ভালকৈ নাজানে আৰু তেওলোকৰ শীৰ্ষ নেতৃত্ব( জি ছি পি এ নেতাই) মুকলি কৈ ব্যক্ত নকৰে।ইয়াৰ বিপৰীতে জি চি পি এ শীৰ্ষ নেতৃত্বই এক ভুল শ্লোগান আৰু নীতিৰ মাজেৰে আন্দোলন পৰিচালিত কৰিব বিচাৰিছে। জিছিপিএ-ৰ নেতা সকলৰ যুক্তি হ’ল- ভাৰত ভূক্তি চুক্তি কোচবিহাৰবাসী মুক্তি।এনে এক নাভূত-নাশ্ৰুত চিন্তাধাৰাৰে আৰু অপৰিপক্ক মস্তিষ্কৰে তেওঁলোকে এটি নিপীড়িত জাতিৰ আন্দোলনক নেতৃত্ব দিব বিচাৰিছে। আমাৰ যুক্তি হ’ল যেভাৰত ভূক্তি চুক্তি কোচবিহাৰবাসী মুক্তি-এই কথাটো যদি সচাঁ হ’লহেঁতেন তেনেহলে কোচবিহাৰবাসীয়ে কেতিয়াবাই কোচবিহাৰ ৰাজ্য পাব লাগিছিল। ইমান আন্দোলন,ধৰ্ণা,সমাবেশ,পথ অৱৰোধ,ৰে’ল অৱৰোধ আদি আন্দোলন কৰাৰ কোনো যুক্তিযুক্ততা নাই। ইয়াৰ পৰা এটা কথা স্পষ্টকৈ বুজা যায় যে জি ছি পি এ-ৰ নেতৃত্বঅপৰিপক্ক আৰু অদূৰদৰ্শী। কিয়নো জি ছি পি এ-ৰ একাংশ তথাকথিত নেতাৰ মতে তপ-জপ আৰু পূজা পাতল কৰিলে কোচবিহাৰ ৰাজ্য এনেই গঠন হৈ যাব। ই হল এটা শক্তিশালী জাতিক আন্দোলন প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখি গভীৰ আন্ধাকাৰ আৰু কূসংস্বাৰৰ ফালে ঠেলি দিয়া।আৰু ইয়াতে নিহিত হৈ আছে কামতাপুৰ আন্দোলনক ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰ।
আমাৰ দৃষ্টিত আন্দোলন এটাৰ মূল চালিকা শক্তি কোনো এখন চুক্তি কেতিয়াও হব নোৱাৰে। ই আমাৰ যুক্তিৰ আধাৰহে হ’ব পাৰে। কিন্তু সেই যুক্তিৰ আধাৰত কোনোবাই আন্দোলনক তথা আন্দোলনকাৰীক বিপথে পৰিচালিত কৰিব সেয়া কেতিয়াও মানি ল’ব নোৱাৰি। আমি এটা কথা জানিব লাগিব যে যি সময়ত ভাৰত স্বাধীন হৈছিল সেই সময়ত ভাৰতত কোচবিহাৰৰ নিচিনা ৫২৬খন সৰু-বৰ দেশীয় ৰাজ্য আছিল।তাৰে কিছুমানে পাকিস্তানৰ লগত যুক্ত হৈছিল আৰু অধিকাঅংশ ভাৰতীয় গণতন্ত্ৰত যোগদান কৰিছিল। প্ৰায় সকলোবোৰ দেশীয় ৰাজ্যৰ লগত ভাৰত চৰকাৰৰ কিবা নহয় কিবা বুজা বুজিৰ চুক্তি হৈছিল। কিন্তু আজিৰ তাৰিখত সেই সকল দেশীয় ৰাজ্য প্ৰত্যেকে ৰাজ্যৰ দাবী কৰে ভাৰত চৰকাৰে মানি লবনে?? এই বিষয়টো হয়তো জি ছি পি এ নেতৃত্ব ভালকৈ অধ্যয়ন কৰা নাই। এনেকুৱা নানান প্ৰশ্ন আছে যিবোৰ কথা জি ছি পি এ নেতৃত্বৰ মস্তিষ্কৰে ঢুকি নাপায়। ইয়াৰ বিপৰীতে তেওঁলোকে অকল কোচবিহাৰ চুক্তিৰ আধাৰত আন্দোলন পৰিচালিত কৰিব বিচাৰিছে।

বৰ্তমান ভাৰতত এনে বহু কেইখন ৰাজ্য আছে যিবোৰৰ লগত ভাৰত চৰকাৰৰ কোনো চুক্তি নাছিল। এই উদাহৰণৰ বাবে আমি বেছি দূৰ যাব নালাগে, আমাৰ ওচৰৰ মেঘালয় ৰাজ্য এক চৰম নিদৰ্শন। খাছী,গাৰো,জয়ন্তী, কোচ, হাজং আদি জনগোষ্ঠীকলৈ ১৯৭২চনত ভাৰত চৰকাৰে মেঘালয় ৰাজ্য গঠন কৰিছিল। সেয়ে পৃথক কামতাপুৰৰ বাবেও কোনো চুক্তিৰ প্ৰয়োজন নাই। জাতিৰ স্বাধিকাৰৰ হেঁপাহে ইয়াক ৰূপায়িত কৰিব।

(লেখক সাধাৰণসম্পাদক, কে পি পি)

This entry was posted in Assamese Article, Our News. Bookmark the permalink.

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>